দুঃখবৰ! পৰীক্ষা বাতিল হোৱা বাবেই এগৰাকী মেধাৱী ছাত্ৰীয়ে বাছি ল’লে আত্মহত্যাৰ পথ…

June 20, 2021 0 By Biraj Kalita

শিক্ষা জীৱৰ অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা।

যাৰ লগত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰে জড়িত হৈ থাকে আৱেগ।

স্কুলত নামভৰ্তিৰ পৰা সকলো শিক্ষাৰ্থীৰ অভিভাৱকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিনটোলৈ অপেক্ষা কৰি থাকে।

কিন্তু কৰ’ণা মহামাৰিৰ বাবে এইবাৰ বাতিল হ’ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা।

যাৰ বাবে একপ্ৰকাৰ ভাগি পৰিছে ভাল ফলাফল কৰিম বুলি সপোন পুহি ৰখা বহু ছাত্ৰ ছাত্ৰীৰ।

আনকি মৃত্যুৰ দৰে চৰম পথ বাছি ল’লে এগৰাকী মেধাবী ছাত্ৰীয়ে।

লখিমপুৰৰ ক’ৰ্চনৰ মাজৰকুৰিত সংঘটিত হৈছে এই কৰুণ ঘটনা।

নিৰাশা আৰু হতাশাত ভুগি বাছি ল’লে চৰম পথ বাছিল ল’লে ৰাণী গগৈ নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে।

পৰীক্ষা বাতিল কৰাৰ বাবেই আত্মহননৰ পথ বাছি লোৱাৰ সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় লোকে।

জানিব পৰা মতে,উন্নত মানৰ ফলাফলৰ আশাৰে কঠোৰ অধ্যয়ন কৰি HSLC পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আশা কৰিছিল মেধাৱী ছাত্ৰীগৰাকীয়ে।

কিন্তু শিক্ষা বিভাগে পৰীক্ষা বাতিল কৰাত নিৰাশ হৈ আত্মহননৰ পথ বাছি লোৱা বুলি সন্দেহ কৰিছে সকলোৱে।

সম্প্ৰতি ৰাণী গগৈ বাসগৃহত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।