দুঃখবৰ! বহিঃৰাজ্যত কাল কৰ’ণাই প্ৰাণ ল’লে অসমৰ উদীয়মান ভাষাবিদ হেমাংগ দত্তৰ…

May 16, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণাই।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰ’ণাই প্ৰাণ লোৱা লোকৰ সংখ্যা।

পুনৰ বহিঃৰাজ্যত কৰ’ণাই প্ৰাণ ল’লে এগৰাকী অসমীয়াৰ।

কাল কৰ’ণাই প্ৰাণ ল’লে অসমৰ উদীয়মান ভাষাবিদ হেমাংগ দত্তৰ।

শনিবাৰে জয়পুৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্যু হয় বিশ্বনাথ জিলাৰ গহপুৰৰ হেমাংগ দত্তৰ।

১৭ এপ্রিল তাৰিখে কৰ’ণাত আক্ৰান্ত হৈছিল তেওঁ।

উল্লেখ্য যে, হেমাংগ দত্ত ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগৰ সহযোগী অধ্যাপক আছিল।

ইয়াৰ পূৰ্বে তেওঁ হায়দৰাবাদৰ The English and Foreign Languages Universityত সহকাৰী অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল।

লগতে চাওকঃ

কোৰোনা ভাইৰাছ এটা জীৱ, তাৰো আছে জীয়াই থকাৰ অধিকাৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী