দুঃখবৰ! বিশিষ্ট লেখক জ্যোতি প্ৰসাদ শইকীয়াৰ দেহাৱসান…

December 10, 2020 0 By NEWS DESK

বিশিষ্ট লেখক জ্যোতি প্ৰসাদ শইকীয়াৰ দেহাৱসান।

জে পি শইকীয়াৰ মৃত্যু অসমৰ বাবে এক অপূৰণীয় ক্ষতি।

অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া জ্যোতি প্ৰসাদ শইকীয়া আছিল অবিভক্ত নগাঁও জিলাৰ উপায়ুক্ত।

‘দৈনিক অসম’ কাকতৰো প্ৰাক্তন সম্পাদক আছিল শইকীয়া।

জে পি শইকীয়া বাংলাদেশৰ মুক্তিযুঁজৰ প্ৰত্যক্ষদৰ্শী সাংবাদিক আছিল।

‘সাতভনী’, ’ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ’ আদি জনপ্ৰিয় টেগলাইনৰ স্ৰষ্টা তথা মাহেকীয়া কাব্যালোচনী ‘কবিতা’ৰ সম্পাদক, অনুবাদক আছিল শইকীয়া ।