দুই পুত্ৰসহ স্কুটীৰে ঘৰলৈ ওভতাৰ পথত ট্ৰাকৰ খুন্দাত স্কুটী আৰোহী মহিলাৰ মৃত্যু
February 21, 2022নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।
দুই পুত্ৰসহ স্কুটীৰে স্বগৃলৈ যাত্ৰাৰ সময়তে ট্ৰাকৰ খুন্দাত নিহত এগৰাকী মহিলা।
এই পথ দুৰ্ঘটনাত স্থান গােলাঘাট জিলাৰ বোকাখাতৰ বিডিএম ৰোড।
নম্বৰবিহীন ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু হয় মিনু গগৈ নামৰ স্কুটী আৰােহী মহিলাগৰাকীৰ। জানিব পৰা মতে, খুমটাইৰ বাসিন্দা মিনু গগৈ।
মিনু গগৈয়ে দুই পুত্রসহ মাতৃগহলৈ স্কুটীৰে আহি থকা অৱস্থাত পাছফালৰ পৰা ট্ৰাক এখনে খুন্দা মৰাত সংঘটিত হয় দুৰ্ঘটনাটো।
দুৰ্ঘটনাৰ ফলত দুই পুত্রও সামান্যভাৱে আহত হয়। আৰক্ষীয়ে নম্বৰ প্লেটবিহীন ট্রাকখন জব্দ কৰিছে।
পুত্রদ্বয়ক বোকাখাতৰ এছ কে এম হাস্পতালত ভৰ্তি কৰোৱা হৈছে।