দুই বিজেপি নেতাৰ মাজত প্ৰচণ্ড মাৰপিট, আহত দুই নেতা…
June 28, 2021দুই বিজেপি নেতাৰ মাজত প্ৰচণ্ড মাৰপিট।
হোজাইৰ ভালুকমাৰীত সংঘটিত হৈছে এই ঘটনা। য
নিশা সংঘটিত হোৱা এই মাৰপিটৰ ঘটনাত আহত হৈছে দুয়োগৰাকী নেতা।
আনহাতে এই মাৰপিটত আহত হৈছে কেইবাজনো লোক।
মাৰপিটত লিপ্ত হোৱা দুই নেতা হৈছে জিলা কিষান মৰ্চাৰ উপ সভাপতি মানিক গোস্বামী আৰু প্ৰাক্তন জিলা সম্পাদক ৰাজেশ চৌবে।
ভূমি বিবাদ সংক্ৰান্তত ৰাজেশ চৌবেৰ বিৰুদ্ধে মানিক গোস্বামীয়ে আৰক্ষীক সাক্ষ্য দিয়াত মানিক গোস্বামীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে.
ঘটনা সংক্ৰান্তত দুই নেতাই ইতিমধ্যে পৰস্পৰৰ বিৰুদ্ধে দাখিল কৰিছে গোচৰ।
লংকা আৰক্ষীয়ে নিশাই দুয়োগৰাকী বিজেপি নেতাক আটক কৰি তদন্ত চলাই আছে।