দুই ভাতৃ-ভগ্নীৰ কৰুণ কাহিনী, ৪ বছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল মাতৃ, এতিয়া কৰ’ণাই প্ৰাণ ল’লে পিতৃৰ…

June 24, 2021 0 By Biraj Kalita

দুই ভাতৃ-ভগ্নীৰ এক কৰুণ কাহিনী।

৪ বছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল মাতৃ। এতিয়া কৰ’ণাই প্ৰাণ ল’লে পিতৃৰো।

যাৰ বাবে এতিয়া ঘোৰ অমানিশা নামি আহিছে দক্ষিণ কামৰূপৰ ছয়গাঁৱ সমষ্টিৰ মাকেলি গাঁৱৰ হিমাক্ষী আৰু ৰাহুলৰ জীৱনলৈ।

প্ৰায় ২৮ বছৰে বিনা বেতনে শিক্ষকতা কৰা ৰবীন বড়ো ,সাতগাঁও আঞ্চলিক হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আছিল।

কিন্তু কাল ক’ৰণাই তেওঁৰ পৰিয়াললৈ নমাই আনিলোঁ ঘোৰ অন্ধকাৰ।

ৰবীন বড়োৰ প্ৰথমা কণ‍্যা হিমাক্ষী বড়ো হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ লৈ উত্তীৰ্ণ হৈ বৰ্তমান ছয়গাঁৱ মহাবিদ্যালয়ৰ এগৰাকী স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী।

আনহাতে ভাতৃ ৰাহুল বড়ো এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ।

পিতৃ-মাতৃৰ অবিহনে কেনেকৈ চলিব, কেনেদৰে পঢ়া শুনা কৰিব, দুবেলা দুমুঠি কেনেদৰে যোগাৰ কৰিব সেই লৈ এতিয়া চিন্তিত হৈ পৰিছে দুই ভাতৃ-ভগ্নী।

সেয়ে দুই ঘাতমাউৰা সন্তানে এতিয়া আপোনাৰ, মোৰ পৰা বিচাৰিছে কিছু অনুকম্পা।