দুই সন্তানসহ নিৰুদ্দেশ মহিলা, পৰিয়ালত হাহাকাৰ

August 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ লুটাপাৰা গাঁৱত দুই সন্তানসহ মহিলা নিৰুদ্দেশ।

গাঁওখনৰ বাসিন্দা শংকৰ নাথৰ পত্নী মিথু নাথে যোৱা ১২ আগষ্টত দিনৰ ১০ মান বজাত কোকৰাঝাৰ চিকিৎসালয়ত শল্য চিকিৎসা কৰাবলৈ ঘৰৰ পৰা ওলাই যায়।

লগত নিজৰ একমাত্ৰ কন্যা সন্তান এঘাৰ বছৰীয়া ববিতৰা নাথ আৰু সাত বছৰীয়া পুত্ৰ সন্তান কৰণ নাথক লগত লৈ ওলায় যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে।

পিছত মহিলাগৰাকীৰ স্বামীয়ে ওচৰ-পাজৰৰ আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰি কোনো শুংসূত্ৰ লাভ নকৰি ঘটনা সন্দৰ্ভত স্থানীয় ৰাণীগঞ্জ আৰক্ষী চকীত যোৱা ১৩ আগষ্টত এখন এজাহাৰ দাখিল কৰে যদিও দুই সন্তানসহ মহিলাগৰাকীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

কোনো সদাশয় লোকে মহিলাসহ সন্তান দুটিৰ কোনো সম্ভেদ পালে ৯১০১৫-৮৬৫৪১ অথবা ৯৭০৭৪-০৩১৭৭ নম্বৰত নাইবা ওচৰৰ আৰক্ষী থানাত খবৰ কৰিবলৈ কাঁতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোক তথা স্বামীয়ে।