দুই সন্তানৰ মাতৃ নিৰুদ্দেশ, পৰিয়ালত হাহাকাৰ
September 22, 2021নিউজ ডেস্ক। বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত বটিয়ামাৰী নিবাসী কৃষ্ণ ডেকাৰ পত্নী তথা দুই সন্তানৰ মাতৃ প্ৰণিতা ডেকা যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে।
গোৰেশ্বৰৰ বটিয়ামাৰীত ভাড়াতীয়া হিচাপে থকা কৃষ্ণ ডেকাই জনোৱা মতে, ম’বাইলৰ চাৰ্জাৰ কিনিম বুলি বজাৰলৈ যোৱা পত্নী প্ৰণিতা ডেকা আজি পৰ্যন্ত ঘৰলৈ উভতি অহা নাই।
বাক্সা জিলাৰ বৰবৰী থানাৰ অন্তৰ্গত খাগ্ৰাবাৰীৰ কৃষ্ণ ডেকা কৰ্মসূত্ৰে গোৰেশ্বৰ বটিয়ামাৰীত ভাড়াতীয়া হিচাপে থাকে।
তেওঁ গোৰেশ্বৰৰ হাজলপাৰা গাঁৱৰ প্ৰণিতা ডেকাৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পাছৰে পৰা দুই কন্যা সন্তানসহ পৰিয়ালটো বটিয়ামাৰীত ঘৰ ভাড়া কৰি আছে।
বজাৰলৈ যোৱাৰ পিছত স্বামীয় পত্নীৰ ম’বাইলত ফোন কৰাত গৈ আছো বুলি কয় যদিও আজিলৈকে ঘৰলৈ উভতি নাহিল।
বহু বিচাৰ-খোচাৰ কৰিও কোনো সম্ভেদ পোৱা নাই মহিলাগৰাকীৰ।
কোনো সদাশয় লোকে মহিলাগৰাকীৰ কোনো সম্ভেদ পালে ওচৰৰ থানা নাইবা ৯৫৭৭৪-৮১৭০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামীয়ে।