দুই সন্তাৰ মাতৃ সন্ধানহীন, পৰিয়ালৰ মাজত হাহাকাৰ
July 27, 2021নিউজ ডেস্ক। ৰাজ্যত সঘনাই সংঘটিত হৈছে মহিলাৰ ৰহস্যজনক নিৰুদ্দেশৰ ঘটনা।
এইবাৰ তেনে এক ঘটনা পােহৰলৈ আহিছে তিনিচুকীয়া জিলাৰ ফিল’বাৰীত।
জানিব পৰা মতে, ফিল’বাৰীৰ পৰা এগৰাকী ২৫ বছৰীয়া মহিলা সন্ধানহীন হৈছে।
ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত উদয়পুৰ গাঁও নিবাসী বিপ্লৱ দাস পত্নী ঊষাৰাণী দাস বিগত দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে।
দুটাকৈ সন্তানৰ মাতৃ ঊষাৰাণী দাসৰ সন্ধানহীন সম্পৰ্কে স্বামী বিপ্লৱ দাসে ইতিমধ্যে আৰক্ষী থানাত সন্ধানহীন সম্পৰ্কে এখন এজাহাৰ দাখিল কৰিছে।
মহিলাগৰাকীৰ সন্ধানহীনৰ ঘটনাই গাঁখনতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।