দুই CRPF জোৱানৰ মাজত গুলীয়াগুলী, সংকটজনক অৱস্থাত GMCHত চিকিৎসাধীন…

July 11, 2021 0 By Biraj Kalita

নগাঁৱৰ কাতিমাৰীস্থিত চিআৰপিএফ কেম্পত শণিবাৰে নিশা সংঘটিত হৈছে গুলীয়াগুলীৰ ঘটনা।

চিআৰপিএফৰ মাজত হোৱা গুলীচালনাত আহত দুজনকৈ জোৱান।

নগাঁৱৰ কাতিমাৰিস্থিত ৩৪ নং চি আৰ পি এফ শিবিৰত সংঘটিত এক গুলীচালনাৰ ঘটনা।

চিআৰপিএফ শিবিৰৰ ত্ৰিপুৰাৰ ৰাজু শীল আৰু বৰপেটাৰ জেহেৰুলে ইছলামৰ মাজত এইদৰে সংঘটিত হয় গুলীচালনাৰ ঘটনা।

আহত দুয়োজন জোৱানকে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও দুয়োৰে অৱস্থা কিছু সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

চিআৰপিএফৰ দুই জোৱানৰ মাজত সৃষ্টি হোৱা তৰ্ক-বিৰ্তকৰ পিছতে এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।

অৱশ্যে ৰাজু আৰু জেহিৰুলৰ মাজত কি কাৰণত গুলীয়াগুলীৰ ঘটনা সংঘটিত হ’ল সেইবিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

ইতিমধ্যে চিআৰপিএফৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।