দুখন বাহনৰ মাজত ভয়ংকৰ মুখামুখী সংঘৰ্ষ, শিশুসহ আহত তিনিজন

August 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। নগাঁও জিলাৰ কলিয়াবৰত দুখন বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ।

কলিয়াবৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ হাতীবন্ধাত টেম্প’ আৰু মাৰুটি চুজুকী বাহনৰ মুখামুখী সংঘৰ্ষত শিশুসহ আহত তিনিজন।

জখলাবন্ধা দিশৰ পৰা অহা এ এছ ১২ এচি ৮৯৩৬ নম্বৰৰ টেম্প’খনক বিপৰীত দিশৰ পৰা অহা এছ ১২ এএ ৩০৬৪ নম্বৰৰ মাৰুটি চুজুকী বাহনখনৰ খুন্দা।

মুখামুখী সংঘৰ্ষত আহত হয় শিশুসহ তিনিজন যাত্ৰী।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।