মৰ্মান্তিক! দুখন বাহনৰ মুখামুখি সংঘৰ্ষত নিহত এটি শিশু, আহত ৪ জন

July 27, 2021 0 By Dighanta Kumar

নিউজ ডেস্ক। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত ভাগৱতীপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত নিহত হয় এটি ৬ মহীয়া কন্যা শিশু, আহত ৪গৰাকী লোক।

মংগলবাৰে দুপৰীয়া প্ৰায় ২ বজাত ভাগৱতীপাৰাত দুখন বাহন মুখামুখী সংঘৰ্ষত ৬ মহীয়া এটি শিশু নিহত হোৱাৰ লগতে গুৰুৰতভাৱে আহত হয় চাৰিজনকৈ লোক।

জানিব পৰামতে, গুৱাহাটী দিশৰ পৰা ছয়গাঁও অভিমুখী এএছ ১৮এইচ ৯১১৮ তীব্ৰ বেগী বলেৰ’ বাহনখনে বামুণীগাঁৱৰ পৰা ধাৰাপুৰ অভিমুখে আহি থকা এএছ ১২ডব্লিং ৯৫১৩ নম্বৰৰ ৰেডিগ’ বাহন খনত প্ৰচণ্ড যোৰে খুন্দা মৰাৰ ফলত ৰেডিগ’ বাহনখনত অহা শিশুসহ চাৰিজন গুৰুতৰভাৱে আহত হয়।

ৰেডিগ’ বাহনখনত অহা চাৰিওজন একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি বলেৰ’ বাহনখনৰ চালকজনে ওচৰতে কৰবাত গাড়ী ৰাখি সুৰা সেৱন কৰি তীব্ৰ বেগত বাহনখন চলাইছিল আৰু বলেৰ’ বাহনখনৰ যাত্ৰীয়ে চালকজনক বাৰাম্বাৰ গতি বেগ কমাবলৈ কৈছিল যদিও চালকজনে কোনো গুৰুত্ব দিয়া নাছিল।

অৱশেষত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভাগৱতীপাৰাত ৰখাই থোৱা টেম্প এখনক অতিক্ৰম কৰি বিপৰীত দিশত আহি থকা ৰেডিগ’ বাহনখনক খুন্দা মাৰে ফলত গুৰুতৰভাৱে আহত হয় চাৰিজনকৈ লোক। আহত কেইজন ক্ৰমে ধাৰাপুৰ নিবাসী জুতিকা নাথ, অভিশেষ নাথ, প্ৰবিন চন্দ্ৰ নাথ আৰু ৬ মহীয়া কন্যা শিশুটি বুলি জানিব পৰা গৈছে।

আহত সকলোক স্থানীয় ৰামপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় আৰু ৬ মহীয়া শিশুটিক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে যদিও সন্ধিয়া ৬ মান বজাত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কন্যা শিশুটিৰ মৃত্যুঘটে।

ঘটনাস্থলীত বিজয়নগৰ আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন উদ্ধাৰ কৰি থানালৈ লৈ আনে।