দুটাতকৈ অধিক সন্তান থকা লোকসকলে নাপাব চৰকাৰী আঁচনিৰ সুবিধাঃ মুখ্যমন্ত্ৰী

June 19, 2021 0 By Biraj Kalita

দুটাতকৈ অধিক সন্তান থকা লোকসকলে নাপাব চৰকাৰী আঁচনিৰ সুবিধা।

শনিবাৰে এই কথা পুনৰ স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জনসংখ্যা নিয়ন্ত্ৰণৰ নিয়ম সমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অবশ্যে এই নিয়ম সকলো চৰকাৰী আঁচনিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়- ‘আমি বিদ্যালয়ত শিশুৰ বিনামূলীয়া নামভৰ্তি বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত দুটা সন্তানৰ নিয়ম কাৰ্যকৰী কৰিব নোৱাৰো। কিন্তু যদি আমি মুখ্যমন্ত্ৰী আৱাস যোজনা আৰম্ভ কৰো তেন্তে এই নিয়ম প্ৰয়োগ কৰা হ’ব পাৰে।’