দুটা হাতী দাঁতসহ দুজনক গ্ৰেপ্তাৰ বন বিভাগ-SSB ৰ
October 27, 2021নিউজ ডেস্ক। চিৰাঙৰ এছ এছ বি আৰু বন বিভাগৰ অভিযানত দুটা হাতী দাঁতসহ দুজন চােৰাং বেপাৰীক আটক।
প্ৰায় ১২ কেজি ওজনৰ দুটা হাতীৰ দাঁত উদ্ধাৰ হৈছে এছ এছ বি আৰু বন বিভাগৰ অভিযানত।
গ্ৰেপ্তাৰ হৈছে বিষ্ণুপুৰ গাঁৱৰ সুকুমাৰ দাস (৩২) আৰু নিৰ্মল মণ্ডল (৪০) নামৰ দুজন হাতীৰ দাঁত ব্যৱসায়ী।
উল্লেখ্য যে কিছুদিন পূৰ্বে আমটেকাৰ পৰা হাতীৰ দাঁতৰ সৈতে কিৰণ বৰগয়াৰী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল এছ এছ বি আৰু বন বিভাগৰ যৌথ অভিযানত।
একেদৰে দুটা হাতীৰ দাঁতৰ সৈতে পুনৰ দুজনক আটক কৰে বন বিভাগ তথা এছএছবিৰ অভিযানকাৰী দলটােৱে।