দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং…

June 17, 2021 0 By Biraj Kalita

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

গুৱাহাটীৰ লগতে লখিমপুৰত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কিমিন বিলগড়লৈ আহিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷

বিলগড়ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব আৰুণাচলৰ সাতটাকৈ পথ৷

সীমান্ত পথ প্ৰাধিকৰণৰ (Border Roads)ৰ দ্বাৰা নিৰ্মিত কিমিনৰ পৰা পুটিন সংযোগী পথটো নিজহাতে উদ্বোধন কৰাৰ লগতে অন্য ছটা গুৰুত্বপুৰ্ণ পথ অনলাইনযোগে উদ্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে।

বিশেষ বিমানেৰে দুপৰীয়া ১২.২০ বজাত লখিমপুৰৰ লীলাবাৰী বিমানকোঠত উপস্থিত হোৱাৰ পিছত ১২.২৫ বজাত লীলাবাৰীৰ পৰা কিমিন বিলগড়লৈ উৰা মাৰিব MI-17 হেলিকপ্টাৰেৰে৷

ITBPৰ হেলিপেডত অৱতৰণ কৰি বিলগড়ৰ উদ্বোধনী সভাত অংশ লৈ পুনৰ লীলাবাৰী বিমানকোঠৰ পৰা বিয়লি ৩.১১বজাত উৰা মাৰিব গুৱাহাটীলৈ।