দুলীয়াজান আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানঃ মহিলাসহ আৰক্ষীৰ জালত ৫জন অভিযুক্ত…

May 25, 2021 0 By Biraj Kalita

দুলীয়াজান আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।

দুদিনধৰি ড্ৰাগছ বিৰোধী অভিযান চলাই লক্ষাধিক টকাৰ বজাৰ মূল্যৰ ড্ৰাগছসহ পাঁচ অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে।

নামৰূপৰ উপ আৰক্ষী অধীক্ষক কূলপ্ৰদীপ ভট্ৰাচাৰ্য আৰু দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ৰূপজ্যোতি দত্তৰ নেতৃত্বত উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভা সহ আৰক্ষী বাহিনী আৰু চি আৰ পি বাহিনীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত হিৰ’ইন-গাঞ্জাসহ ১ লাখ ৮৮ হাজাৰ টকা নগদ ধন, ৫ টাকৈ ম’বাইল আৰু এখন এম এল ১০ বি ৮১০৪ নম্বৰযুক্ত বিলাসী বাহনো জব্দ কৰিছে।

লগতে দুলীয়াজান আৰু ডিগবৈ অঞ্চলৰ পৰা মহিলাসহ ৫ জনকৈ অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।