দুষ্প্ৰাপ্য কেঁকোসাপ আৰু বনৰৌৰ বাকলিৰ সৈতে আৰক্ষীৰ জালত দুজন…
July 18, 2021বোকাজানত দুষ্প্ৰাপ্য কেঁকোসাপ আৰু বনৰৌৰ বাকলিৰ সৈতে দুজনক গ্ৰেপ্তাৰ।
ডিমাপুৰৰ পৰা বিক্ৰীৰ উদ্দেশ্যে কেঁকোসাপ আৰু বনৰৌৰ বাকলি খিনি অনা হৈছিল বুলি জানিব পৰা গৈছে।
সৰ্বমুঠ ১২ টা কেঁকোসাপ আৰু ১২ কিলোগ্ৰাম বনৰৌৰ বাকলি জব্দ কৰা হৈছে।
গুৱাহাটীৰ পৰা অহা Wild life crime control bureau ৰ এটা দলৰ গোপন খবৰৰ ভিত্তিত বোকাজান আৰক্ষী আৰু বোকাজানৰ বন বিভাগৰ যৌথ উদ্যোগত উদ্ধাৰ কৰা হৈছে কেঁকোসাপ কেইটা আৰু বনৰৌৰ বাকলি খিনি।
সৰবৰাহৰ সৈতে জড়িত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে তাৰে এজন IRBN ৰ জোৱান ধৃত খত’ ৰিখ’ আৰু এজন ইলুংহেও কোৱামে’ ই নিজকে ছাত্ৰ বুলি চিনাকি দিছে।