দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ নিধন, কাটি বিক্ৰী কৰিলে মাংস!

November 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়াও একাংশ লােকে দুষ্প্ৰাপ্য বন্য প্ৰাণীৰ নিধন কৰি মাংস ভক্ষণ কৰা ঘটনা সংঘটিত হৈছে।

শেহতীয়াকৈ একাংশ লােকে এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ নিধন কৰি মাংস কাটি বিক্ৰী কৰা ঘটনাই প্ৰকৃতিপ্ৰেমীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত শুৱাগপুৰ পিপলেনীত বৰ নদীৰ পৰা কাছ চিকাৰ কৰি কাটি বিক্ৰী কৰি অহাৰ ঘটনা পোহৰলৈ আহিছে।

প্ৰায় ১৫ কেজি ওজনৰ কাছ এটি চিকাৰ কৰি দিনদুপৰতে কুঠাৰেৰে মৰিয়াই মৰিয়াই হত্যা কৰে একাংশ লােকে।

মাৰি কাটি কাছ মাংস বিক্ৰী কৰে পিপলেনীৰ কেইগৰাকীমান লোকে।

ইতিমধ্যে, ঘটনাৰ লগত জড়িত লোককেইজন ভিডিঅ’ত স্পষ্ট হৈছে।

ইপিনে, দুষ্ট চক্ৰৰ এনে কাৰ্যক অঞ্চলটোৰ সচেতন লোকে গৰিহণা দিছে।

দুষ্ট চক্ৰৰ এনে কাৰ্যক স্থানীয় আৰক্ষী তথা বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল