দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

August 4, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বোকাজানত উদ্ধাৰ এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ।

বোকাজান বিলাতি মাটি কাৰখানাৰ আবাসী মানস দাস নামৰ লোকজনৰ গৃহত উদ্ধাৰ হয় এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ।

নিশা প্ৰায় ৭ বজাত মানস দাসে তেওঁৰ ঘৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰটো প্ৰত্যক্ষ কৰাত তেওঁ নিজেই হাতত হেণ্ডগ্ল’ভছ পৰিধান কৰি বান্দৰটো পিঞ্জৰাবদ্ধ কৰে।

উক্ত খবৰ পোৱাৰ লগে লগে সংবাদ মাধ্যমৰ লোক উপস্থিত হৈ বোকাজান বন সংমণ্ডলক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত বোকাজান সংমণ্ডলৰ এটা দল উপস্থিত হৈ লাজুকী বান্দৰটো বন বিভাগে চমজি লয়।