দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰস্থিতি, আৰক্ষীৰ শূণ্যলৈ গুলিচালনা…

July 22, 2021 0 By Biraj Kalita

কলিয়াবৰ মহকুমাৰ ৰূপহী থানাৰ অন্তৰ্গত কাৱৈমাৰীত বুধবাৰে নিশা এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰস্থিতিৰ সৃষ্টি হয়।

নিশাই সান্ধ্যআইনৰ পিছতো ৰাজপথলৈ ওলাই আহে শ শ লোক।

পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰে যে পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ অবশেষত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

AS-02R-1485 নম্বৰৰ ব’লেৰো বাহনে খনে বিদ্যুৎৰ খুটাত খুন্দা মৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

ঘটনা সংঘটিত কৰি পলায়ন কৰে ব’লেৰোখনত থকা লোককেইজনে।

এই ঘটনাক লৈয়ে উত্তেজিত হৈ পৰে ৰাইজ৷ ৰাইজে ব’লেৰোখনত থকা লোক কেইজনক গ্ৰেপ্তাৰৰ দাবীত পৰিস্থিতি উত্তাল কৰি তোলে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লব যাওতেই ওলোটাই আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাই একাংশই।

য়াৰ পাছতে ক্ষোভিত ৰাইজক নিয়ন্ত্ৰন কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ তিনিজাই গুলীচালনা কৰিবলৈ বাধ্য হয়।

এই সংঘাতত এজন আৰক্ষী আহত হয় বুলি জানিব পৰা গৈছে।