দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ মণিপুৰী গাঞ্জা

August 21, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসম আৰক্ষীৰ তীব্ৰ অভিযানৰ মাজতাে মাদক দ্ৰব্য সৰবৰাহৰ অপচেষ্টা অব্যাহত ৰাখিছে একাংশই।

এইবাৰ আৰক্ষীৰ অভিযানত নহয়, দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে নিষিদ্ধ মণিপুৰী গাঞ্জা।

নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটত সংঘটিত হৈছে এনে ঘটনা।

জানিব পৰা মতে, কলিয়াবৰত বুধবাৰে দুৰ্ঘটনাত পতিত হয় এএছ ১২ডব্লিং ৩২২৯ নম্বৰৰ এখন এল্ট’ বাহন।

শিলঘাটৰ ত্ৰিশূলধাৰীৰ পৰা তীব্ৰ গতিত অহা এল্ট’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা বিদ্যুৎ পৰিবাহী খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

দুৰ্ঘটনা সংঘটিত কৰি বাহনখনৰ পৰা পলায়ন কৰে বাহনখনৰ চালকসহ আৰোহীসকল।

উক্ত বাহনখনত তিনিজন আৰোহী আছিল বুলি জানিব পৰা গৈছে।

পিছত শিলঘাট আৰক্ষীয়ে থনালৈ লৈ গৈ তালাচী চলোৱাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় কিছু পৰিমাণৰ মণিপুৰী গাঞ্জা।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।