দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা জব্দ নিষিদ্ধ ড্ৰাগছ, গ্ৰেপ্তাৰ চাৰি সৰবৰাহকাৰীক

February 3, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এইবাৰ দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে নিষিদ্ধ ড্ৰাগছ।

এই ঘটনাৰ স্থান ডিব্ৰুগড় জিলাৰ বগীবিল টােলগে’ট।

জানিব পৰা মতে, মংলবাৰে নিশা ডিব্ৰুগড়ৰ বগীবিল টোলগে’টত আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ সময়তে AS 06A B4887 নম্বৰৰ এখন বাহন ৰখাবলৈ বিচৰাত বাহনখন পলাই যাবলৈ লোৱাত এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়।

ইফালে, বাহনখনত তালাচী চলোৱাৰ সময়ত আৰক্ষীয়ে ২৬.১৭ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰাৰ লগতে ৩৮ গ্ৰাম কণ্টেইনাৰৰ ভিতৰত হেৰ’ইন জব্দ কৰিছে।

আনহাতে, বাহনখনৰ পৰা নগদ ২৫ হাজাৰ টকাসহ বাহনখন জব্দ কৰে ডিব্ৰুগড় আৰক্ষীয়ে।

আনহাতে, ডিব্ৰুগড় আৰক্ষীয়ে ধৃত চাৰিজন লোকক এই বিষয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে।

লগতে চাওকঃ

ট্ৰাকে মহটিয়াই নিলে বাইক, নৱম শ্ৰেণীৰ ছাত্ৰী অংকিতাৰ অকাল মৃত্যু