দুৰ্নীতি আৰু কৰ্তব্যত গাফিলতি! পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ এজন বিডিঅ’ নিলম্বিত, দুজন কৰ্মচাৰীক বৰ্খাস্ত…

July 2, 2021 0 By Biraj Kalita

দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী।

দুৰ্নীতি আৰু কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ এজন বিডিঅ’ নিলম্বিত, দুজন কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছে।

কৰিমগঞ্জ জিলাৰ দুল্লভচেৰা উন্নয়ন খণ্ডৰ বিডিঅ’ সৰোজ দাসক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

বিষয়াগৰাকীয়ে এম জি এনৰেগা আৰু পি এম ৱাই-জি আদি আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত কৰা বিত্তীয় অনিয়ম আৰু কৰ্তব্যৰ গাফিলতিৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ততকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বিত কৰে।

আনহাতে দুৰ্নীতি আৰু কৰ্তব্যত গাফিলতিৰ অভিযোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তই গোৱৰ্ধনা উন্নয়ন খণ্ডৰ অধীনৰ বনমাজা গাঁও পৰিষদ উন্নয়ন কমিটী (ভিচিডিচি)ৰ গ্ৰাম ৰোজগাৰ সহায়ক খলিলুৰ লৰহমান আৰু বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অধীনৰ সত্ৰ কনৰা গাঁও পঞ্চায়ত সমন্বয়ক (জিপিচি) প্ৰহ্লাদ দাসক দুটা সুকীয়া নিৰ্দেশ যোগে চাকৰিৰ পৰা বৰ্খাস্ত কৰে।