দেশজুৰি কৰ’ণাৰ সন্ত্ৰাসঃ প্ৰশাসনিক বিষয়াৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ জৰুৰী বৈঠক…

April 23, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

প্ৰতিদিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। সমান্তৰালভাৱে বৃদ্ধি হৈছে কৰ’ণাত প্ৰাণ লোৱা লোকৰ সংখ্য

ইয়াৰ মাজতে কিছুসময় পিছতে দেশৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত এক জৰুৰী বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী।

দেশৰ প্ৰশাসনিক বিষয়াৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী।

লগতে ৰাতিপুৱা ১০ বজাত ভিডিঅ’ কনফাৰেণ্সৰ যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠকত বহিব মোডী।

দুপৰীয়া ১২ বজাত অক্সিজেন উৎপাদনকৰী প্ৰতিষ্ঠানৰ সৈতেও বৈঠক প্ৰধানমন্ত্ৰী গৰাকীৰ।