দেশবাসীৰ বাবে সুখবৰঃ শীঘ্ৰেই ভাৰতত মুকলি হ’ব প্ৰথমখন গ্লাছৰ উৰণীয়া সেঁতু!

December 25, 2020 0 By NEWS DESK

দেশবাসীৰ বাবে এক সুখবৰ।

শীঘ্ৰেই ভাৰতত মুকলি হ’ব প্ৰথমখন গ্লাছৰ উৰণীয়া সেঁতু।

বিহাৰৰ ৰাজগিৰ নামৰ ঠাইত নিৰ্মাণ কৰি থকা গ্লাছৰ উৰণীয়া সেঁতুখনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।

এই সেঁতুখনৰ দৈৰ্ঘ্য ৮৫ ফুট, ৬ ফুট বহল।

একেসময়তে এই দলংখনত ৪০ জন লোক উঠিব পাৰিব।

নেছাৰ ছাফাৰি নামৰ প্ৰকল্পৰ অধীনত উক্ত সেতুখন নিৰ্মান কৰিছে।

বিহাৰৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সেঁতুখনৰ কাম পৰ্যাবেক্ষণ কৰে

উল্লেখ্য যে, দলংখনৰ লগতে উক্ত স্থানত পৰ্যটকক আকৰ্ষণ কৰিবলৈ ৰ’প ৱেও নিৰ্মাণ কৰা হৈছে।

এই ৰ’পৱেত ১৮ টা গ্লাছৰ কেবিন আছে।

৮ জন পৰ্যটকে একেলগে এই দুৰ্গম পথেৰে ৫ মিনিটত ৭৫০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব।