দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৰূপত দেখিবলৈ পোৱা যাব অভিনেত্ৰী কংগনা ৰানাৱটক!

January 29, 2021 0 By Biraj Kalita

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৰূপত দেখিবলৈ পোৱা যাব অভিনেত্ৰী কংগনা ৰানাৱটক।

ৰাজনীতিৰ পৃষ্ঠভূমিত পুনৰ নিৰ্মান হ’ব এখন চিনেমা।

কংগনাই ছবিখন জীৱনীমূলক নহয় বুলি সদৰী কৰিছে।অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে বহুকেইজন প্ৰখ্যাত অভিনেতাই এই ছবিৰ চৰিত্ৰ সমূহ ৰূপায়ন কৰিব।

টুইটৰৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰে।

উল্লেখ্য যে, এই ছবিখন মণিকৰ্ণিকা প্ৰডাকচন হাউচে প্ৰযোজনা কৰিব। ছবিখনৰ নিৰ্দেশনা কৰিব সাই কবীৰে।

অভিনেত্ৰী গৰাকীয়ে কয় যে, এইখন ছবি ঐতিহাসিক পটভূমিত ৰচিত এখন চিৰিয়াছ ছবি হ’ব।

উল্লেখ্য যে বৰ্তমানলৈকে স্থিৰ হোৱা নাই ছবিখনৰ নাম।