দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ সম্পূৰ্ণ হ’ল ৩ বছৰ…

June 8, 2021 0 By Biraj Kalita

দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ সম্পূৰ্ণ হ’ল ৩ বছৰ।

২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হৈছিল সেই নৃশংস ঘটনা।

কাৰ্বি পাহাৰৰ মনোৰম সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱাৰ সময়তে এদল পশুতুল্য লোকে বৰ্বৰভাৱে আক্ৰমণ কৰি হত্যা কৰিছিল অভিজিৎ নাথ আৰু নীলোৎপল দাসক।

কিন্তু আজিলৈ ন্যায় নাপালে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পৰিয়ালে।

অভিজিৎ নাথৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয়- ‘ৰাইজে যি ধৰণে এই হত্যাৰ প্ৰতিবাদ কৰিছিল, আজিও হয়তো সকলোৰে মনত সজীৱ হৈ আছে। কিন্তু নগাঁও সত্ৰ আদালতত চলি থকা ন্যায়িক প্ৰক্ৰিয়া অতি লেহেমীয়া হৈছে বুলি আমি অনুভৱ কৰিছো। ৩ বছৰত সাক্ষীসকলৰ সাক্ষ্যদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ল। নতুন মুখ্যমন্ত্ৰীক আমি এই বিচাৰ প্ৰক্ৰিয়া আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছো।’