দৰঙৰ ঐতিহ্য ক্ষেত্র ধলপুৰ পাহাৰৰ বুকুত উদ্ধাৰ ৮টাকৈ প্রাচীন শিলাখণ্ড…
March 9, 2022প্রাচীন যুগৰ সভ্যতা-সংস্কৃতিৰ স্বাক্ষৰ বহন কৰি অহা দৰঙৰ ঐতিহ্য ক্ষেত্ৰ ধলপুৰ পাহাৰৰ বুকুত উদ্ধাৰ হয় ৮টাকৈ শিলাখণ্ড।
ধলপুৰ পাহাৰৰ বুকুত থকা ঐতিহাসিক শিৱ মন্দিৰৰ নিৰ্মাণকাৰ্য চলি থকাৰ মাজতে মাটিৰ তলৰ পৰা উদ্ধাৰ হয় এই শিলাখণ্ডকেইটা।
আঠোটা শিলাখণ্ডতেই অংকিত হৈ আছে বিভিন্ন ছবি। যিবোৰে প্ৰাচীন কোনো সভ্যতাৰ নিদৰ্শন বহন কৰে।
উল্লেখযোগ্য ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত অৱস্থিত ধলপুৰ পাহাৰখন পূৰ্বৰে পৰা বৈচিত্র্যময়। সমগ্র পাহাৰখন আৱৰি আছে ভিন্ন আকৃতিৰ শিলাখণ্ডই। তদুপৰি কেইটামান শিলাখণ্ডত আছে প্রাচীন ৰেখা চিত্রও। যিবোৰৰ উপযুক্ত অধ্যয়ন আৰু গৱেষণাই নতুন সম্ভাৱনাও মুকলি কৰিব পাৰে।
ইফালে পাহাৰখনত আছে কুৰিটাৰো অধিক শৈল গুহা, যাৰ বাবে আদিম মানৱৰ গুহা গাঁও হিচাপে স্থানীয় ৰাইজে আখ্যা দিয়ে ধলপুৰক।
এই পাহাৰৰ বুকুতেই প্রাচীন কেইবাটাও শিৱৰ ভাস্কৰ্য উদ্ধাৰ হৈছিল। যিবোৰ মন্দিৰতে সংৰক্ষিত হৈ আছে।
উল্লেখ্য যে, মুখ্যমন্ত্রীয়ে সম্পূর্ণ ব্যক্তিগত প্রচেষ্টাত ধলপুৰৰ ঐতিহাসিক শিৱমন্দিৰ নিৰ্মাণ কৰাৰ লগতে ধলপুৰক এক পর্যটন ক্ষেত্র হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল। যাৰ পৰিপেক্ষিতত ইতিমধ্যে ক্ষিপ্র গতিত মন্দিৰৰ নিৰ্মাণকাৰ্য অব্যাহত আছে।