ধলপুৰ শিৱ মন্দিৰত মুখ্যমন্ত্ৰীঃ মুছলমান ৰাইজক দিলে মন্দিৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব…

June 7, 2021 0 By Biraj Kalita

সোমবাৰে দৰঙৰ ঐতিহাসিক ধলপুৰ শিৱমন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা৷

ছিপাঝাৰৰ গৰুখুটিত হেলিকপ্টাৰৰে অৱতৰণ কৰি যন্ত্ৰচালিতে নাৱেৰে যাত্ৰা কৰি মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী৷

ঢলপুৰত উপস্থিত হৈ ঐতিহাসিক ঢলপুৰ শিৱমন্দিৰত আশিস লৈ মন্দিৰৰ 120 বিঘা বেদখলীকৃত ভূমিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ঢলপুৰত উপস্থিত হৈ ঐতিহাসিক ঢলপুৰ শিৱমন্দিৰত আশিস লৈ মন্দিৰৰ 120 বিঘা বেদখলীকৃত ভূমিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়- মন্দিৰৰ বেদখলীকৃত ভূমি ইতিমধ্যে উচ্ছেদ কৰা হৈছে আৰু ইয়াত মন্দিৰৰ মণিকূট আৰু অতিথিশালা নিৰ্মাণ কৰা হ’ব৷

তাৰোপৰি এই মন্দিৰৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দাঁতি কাষৰীয়া ইছলাম ধৰ্মাৱলম্বী ৰাইজক অৰ্পণ কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, ছিপাঝাৰ সমষ্টিৰ ধলপুৰ শিৱ মন্দিৰৰ ১৮০ বিঘা ভূমি চৰকাৰে আৱন্টন দিছিল৷ কিন্তু এই ধলপুৰ শিৱ মন্দিৰৰ ১২০ বিঘা ভূমি সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে, কিছু মাহ পূৰ্বে দৰঙ জিলা প্ৰশাসনে উচ্ছেদ কৰিছিল যদিও পুনৰ নিশাৰ ভিতৰতে সন্দেহ যুক্ত নাগৰিকে বেদখল কৰে৷

এই খবৰ পোৱাৰ পিছতে 3 জুন তাৰিখে ঘটনাস্থলীত উপস্থিত হৈছিল দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰীৰ উক্ত ভ্ৰমণত সংগ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব শৰ্মাই।