ধুবুৰীঃ ৰহস্যজনকভাৱে সন্ধানহীন এগৰাকী যুৱতী
June 14, 2021নিউজ ডেস্ক। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত ৰহস্যজনকভাৱে শিশুকে ধৰি যুৱতী-মহিলাৰ নিৰুদ্দেশৰ বহু ঘটনা সংঘটিত হৈছে।
দিনটােৰ অধিকাংশ সময়ে বলৱৎ হৈ থকা সান্ধ্য আইনৰ মাজতে সংঘটিত হৈছে এনে ঘটনা।
শেহতীয়াকৈ ধুবুৰী জিলাৰ জিনকাটা ২য় খণ্ডৰ এগৰাকী যুৱতী নিৰুদ্দেশ হােৱা বুলি জানিব পৰা গৈছে।
ধুবুৰীৰ জিনকাটা ২য় খণ্ডৰ পবিন বৰা ৰায়ৰ কন্যা পূৰ্ণিমা ৰায় নামৰ যুৱতীগৰাকী সন্ধানহীন হৈছে।
এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও যুৱতীগৰাকীৰ কোনো সম্ভেদ লাভ কৰিব পৰা নাই।
কোনো লোকে যুৱতীগৰাকীৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী চকীত খবৰক দিবলৈ আনুৰোধ জনাইছে পৰিয়ালৰ লোকে।
লগতে চাওকঃ