ধুবুৰীৰ DSP যতীন দাসক গ্ৰেপ্তাৰ…

May 31, 2021 0 By Biraj Kalita

ধুবুৰীৰ DSP যতীন দাসক গ্ৰেপ্তাৰ।

ড্ৰাগছ ব্যৱসায়ীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ধুবুৰীৰ DSP যতীন দাসক।

নৱনিযুক্ত আৰক্ষী অধীক্ষক অভিজিত দিলীপৰ নেতৃত্বত চলা এক অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰীৰ সীমান্ত শাখাৰ ডি এছ পি যতীন দাসক।

বিভিন্ন অপৰাধমূলক কাম কাজত আৰু চিণ্ডিকেটৰ লগত জড়িত থকাৰ অভিযোগো উত্থাপন হৈছে দাসৰ বিৰুদ্ধে।

৫৭ হাজাৰ নগদ ধন সহ আটক কৰা হৈছে যতীন দাসক।

যতীন দাসৰ হৈ ধন সংগ্ৰহৰ অভিযোগ গ্ৰেপ্তাৰ কৰা হৈছে ৰফিকুল ইছলাম পৰমাণিক নামৰ এজন যুৱকক।

যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৪লাখ ২১ হাজাৰ টকা।

উল্লেখ্য যে বিগত ৩০ বছৰ ধৰি ধুবুৰীত আছিল দাস।

লগতে চাওকঃ

অন্য ৰূপত আৰক্ষী! গৃহহীন বৃদ্ধাক নিজেই আহাৰ খুৱালে আৰক্ষী বিষয়াই, সামাজিক মাধ্যমত উচ্চ প্ৰশংসা