ধেমাজিত ড্ৰাগছসহ আৰক্ষীৰ জালত তিনিজন…
May 25, 2021ধেমাজিত ড্ৰাগছসহ আৰক্ষীৰ জালত তিনিজন।
সোমবাৰে ধেমাজি আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত এগৰাকী ড্ৰাগছ ব্যৱসায়ী সহ তিনিজনক গ্ৰেপ্তাৰ পৰিবলৈ সক্ষম হৈছে।
ধেমাজি কোৱাফলাৰ গাৱঁৰ সোণেশ্বৰ গগৈ(৪৭) লোকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৯ গ্ৰাম বাউন ছুগাৰ।
বাউন ছুগাৰখিনিৰ মূল্য প্ৰায় ডেৰ লাখ টকা।
লগতে লোকজনৰ হাতৰ পৰা নগদ ৬৮৩০ টকা জব্দ কৰে আৰক্ষীয়ে।
উক্ত ব্যৱসায়ীজনৰ ঘৰৰ পৰা ড্ৰাগছ নিবলৈ অহা লিকাবালি উলিবস্তি গাৱঁৰ অজিত কান্ত টাও (৪৮) আৰু চিলাপথাৰ হালধিবাৰী গাৱঁৰ কুশল লাগাছু (৩২)কো এই ড্ৰাগছ ব্যবসায়ীৰ সৈতে জড়িত থকা সৰ্ন্দভত গ্ৰেপ্তাৰ কৰে৷
ইতিমধ্যে তিনিজনকে ধেমাজি সদৰ আৰক্ষীয়ে জেৰা কৰি সোধাপোছা অব্যাহত ৰাখিছে।
লগতে চাওকঃ