ধৰ্ষণকাৰীৰ হিন্দু-মুছলমান নাথাকে, সকলো কথাত ধৰ্মীয় সংখ্যালঘুক দোষ দিব নালাগেঃ মুখ্যমন্ত্ৰী

June 30, 2021 0 By Biraj Kalita

ৰাজ্যত ইটোৰ পিছত সিটো ধৰ্ষণৰ ঘটনাৰ পাছতে ধৰ্ষণক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিশেষকৈ ধৰ্ষণ সন্দৰ্ভত পূৰ্বে বিশেষ লোকক ধৰ্ষণ কাণ্ডৰ বাবে জগৰীয়া কৰি দিয়া মন্তব্যৰ সলনি কৰি হিন্দু-মুছলমানে সকলোৱে ধৰ্ষণ কৰে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

ধৰ্ষণকাৰীৰ হিন্দু -মুছলমান নাথাকে। কাইলৈ হিন্দুৰ কোনো লোকেও ধৰ্ষণ কৰিব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

মুখ্যমন্ত্ৰীয়ে কয় যে ‘কাৰো গ্যাৰাণ্টি নাই, হিন্দু-মুছলমান সকলোৱে ধৰ্ষণ কৰে, ধৰ্ম চাই কোনেও ধৰ্ষণ নকৰে। সকলো কথাত ধৰ্মীয় সংখ্যালঘুক দোষ দিব নালাগে।

নৱ-নিযুক্ত বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ পদ গ্ৰহণ কাৰ্যসূচী আৰু কাৰ্যনিৰ্বাহক সভাত অংশ লবলৈ আহি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰতিটো কথাতে ধৰ্মীয় সংখ্যালঘুক দোষ দিয়াটো উচিত নহয়। মই যদি কওঁ মুছলমানে ধৰ্ষণ কৰে, কাইলৈ কোনোবা হিন্দুৱেও ধৰ্ষণ কৰিব পাৰে। বেয়া মানুহৰ গ্যাৰাণ্টি, হিন্দু বা মুছলমান কাৰোৰে ল’ব নোৱাৰি।

ৰাজ্য চৰকাৰে জনসংখ্য নীতি আনিবই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়- ২০০১ৰ পৰা শেষ লোকপিয়ললৈ মুছলমানৰ জনসংখ্যা বৃদ্ধি পালে ২৯ শতাংশ। ইয়াৰ বিপৰীতে হিন্দুৰ জনসংখ্যা হ্ৰাস পালে এই সময়ত। এইটো অতি ভয়াৱহ ঘটনা। মোৰ মা-দেউতা ৭০বছৰ আগতে আছিল, তেতিয়া তেওঁলোকে গম পোৱা নাছিল যে বৰ্তমান অসমত তিনিকোটি জনসংখ্যা হ’ব, আমাৰ যেতিয়া ৫টা ককাই-ভাই আছিল তেতিয়া তেওঁলোকৰ ৩০টা আছিল।