ধৰ্ষণ, হত্যা আদি অসামাজিক কামত জড়িত ৯৮% লোকেই ধৰ্মীয় সংখ্যালঘুঃ সাংসদ দিলীপ শইকীয়াই…

June 29, 2021 0 By Biraj Kalita

ৰাজ্য প্ৰতিদিনে সংঘটিত হৈ আহিছে ধৰ্ষণ, হত্যা, ডকাইতি আদিৰ দৰে অসামাজিক কাম।

এই অসামাজিক কামবোৰত জড়িত ৯৮ শতাংশ লোকেই ধৰ্মীয় সংখ্যালঘুৰ।

এই বিস্ফোৰক মন্তব্য আগবঢ়াইছে সাংসদ দিলীপ শইকীয়াই।

সাংসদ শইকীয়াই লগতে কয়-ৰাজ্যত জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। নহ’লে হয়টো‌ আমি থলুৱা‌ লোক সকলে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে বাস কৰিব লাগিব। অসমৰ স্বাৰ্থৰ হৈ কাম কৰোত‌ আমি বদ্ধ পৰিকৰ।

জনসংখ্যা বৃদ্ধি অসমীয়া খিলঞ্জীয়াৰ‌ অস্তিত্ব বিপদাপন্ন কৰাৰ দিশত অগ্ৰসৰ হৈছে। গতিকে অসমৰ ৰাইজে বিচৰধৰণে আমি আগবাঢ়িম- মন্তব্য দিলীপ শইকীয়া।

সাংসদ দিলীপ শইকীয়াই মৌলৱী, মৌলানা,‌‌‌‌‌ মুছলমান সম্প্ৰদায়ৰ লোক সকলক‌ আহ্বান জনায় যে তেওঁলোকে এক জনসজাগতা কাৰ্যসূচী আৰম্ভ কৰক নহ’লে তেওঁলকক মানুহে ঘৃণা কৰা আৰম্ভ কৰিব।