নকল সােণসহ আৰক্ষীৰ জালত পৰিল দুই প্ৰৱঞ্চক
November 8, 2021নিউজ ডেস্ক। ৰাজ্যত সােণৰ চােৰাং বেহা অব্যাহত থকাৰ মাজতে এইবাৰ নকল সােণ যােগান ধৰি ৰঙাঘৰৰ আলহী হ’ল দুটা প্ৰৱঞ্চক।
চতিয়া আৰক্ষীৰ জালত পৰিল দুই নকল সোণৰ ব্যৱসায় কৰা দুটা প্ৰৱঞ্চক চহৰ আলী আৰু ইক্ৰামুল হক। প্ৰৱঞ্চক দুটাৰ ঘৰ তেজপুৰৰ বৰঘাটত বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি, চতিয়াৰ এজন যুৱকক দুই প্ৰৱঞ্চক চহৰ আলী আৰু ইক্ৰামুল হকে দুটা সোণৰ দণ্ড (বিস্কুট) অতি কম মূল্যত যােগান ধৰাৰ প্ৰতিশ্ৰুতিৰে যােগাযােগ কৰিছিল।
কিন্তু যুৱকজনে চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজিৎ শৰ্মাক এই বিষয়ে অৱগত কৰে।
ইয়াৰ পাছতে সোণ দিবলৈ আহোতে চতিয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুই নকল সোণৰ ব্যৱসায়ীক।
অতি কৌশলেৰে এই দুজন নকল সোণৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চতিয়া আৰক্ষীয়ে।