নগাঁৱত উৎখাত জালনোট চক্ৰ, আটক মহিলাসহ ৩
June 11, 2021নিউজ ডেস্ক। নগাঁৱত উৎখাত জালনোট চক্ৰ। জব্দ বৃহৎ পৰিমাণৰ জালনোট, আটক তিনিজন।
নগাঁও জিলাৰ মৰিকলঙৰ পৰা নগাঁও সদৰ আৰক্ষীয়ে জালনোট চক্ৰৰ লগত জড়িত দিলদাৰ হুছেইন, চাকিব আলী নামৰ দুজন যুৱক আৰু লিখুমা নামৰ এগৰাকী যুৱতীক আৰক্ষীয়ে আটক কৰে।
লিখুমা নামৰ যুৱতীগৰাকীৰ ঘৰ নাগালেণ্ডত বুলি জানিব পৰা গৈছে।
জালনোট চক্ৰটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবালাখ টকা মূল্যৰ জালনোটৰ লগতে জালনোটত ব্যৱহৃত বহুতো আপত্তিজনক সা-সামগ্ৰী।
উল্লেখ্য যে মৰিকলঙত চাবিৰ আহমেদ নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে থাকি এই জালনোট চক্ৰটো চলাই থকা বুলি আৰক্ষীয়ে সদৰী কৰে।
ইতিমধ্যে টকা বনোৱা মেচিনটো এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই যদিও তদন্ত অব্যাত ৰখাৰ লগতে লোককেইজন সোধা-পোছা অব্যাহত ৰাখিছে নগাঁও সদৰ আৰক্ষীয়ে।