নগাঁৱৰ কচুৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৪ সৰবৰাহকাৰীক আটক

April 23, 2022 0 By NEWS DESK

নিউজ ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে জব্দ হৈছে বহু পৰিমাণৰ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী। সমান্তৰালভাৱে সৰবৰাহ আৰু ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰা হৈছে বহু কেইজনক।

ইয়াৰ মাজতে নগাঁও জিলাৰ কচুৱাত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৪ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে কচুৱাৰ গেৰজাইপামত অভিযান চলাই ৩৪ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে সদৰী কৰা মতে, প্ৰথমে কামৰুল ইছলাম নামৰ এজন সৰবৰাহকাৰীক আটক কৰাৰ পিছতে অভিযুক্তজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আন ৩ জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে কামৰুল ইছলামক জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছে। অন্যহাতে আন ৩ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে।