নগাঁৱৰ জুৰীয়াত আটক ৩ মাটিৰ দালাল…
September 22, 2021নিউজ ডেস্ক। নগাঁৱৰ জুৰিয়াত ৰাজহ চক্ৰ কাৰ্যালয়ৰ দালালৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান।
নিশা আৰক্ষীয়ে অভিযান চলালে দালালৰ বিৰুদ্ধে।
আৰক্ষীৰ অভিযানত আটক জুৰিয়াস্থিত ৰাজহ চক্ৰৰ তিনিটা কুখ্যাত দালাল।
দালালৰূপী দুজন চৰকাৰী গাঁওবুঢ়া আৰু এজন ৰাজহ চক্ৰৰ কৰ্মচাৰী আটক।
আৰক্ষীৰ অভিযানত আটক ৰাণা বৰা, ৰঞ্জিৎ ভূঞা আৰু ফৈজুল ইছলাম।
ধৃত ৰাণা বৰা ৰাজহ চক্ৰটোৰ ১নং দালাল।
ৰঞ্জিৎ ভূঞা আৰু ফৈজুল ইছলাম চৰকাৰী গাঁওবুঢ়া।
পলাতক অৱস্থাত মজিবুৰ ৰহমান আন এটা দালাল।
দীৰ্ঘদিন ধৰি ধৃত দালালকেইটাই ৰাজহ চক্ৰটোত দপ্দপনি চলোৱাৰ অভিযোগ উঠিছে।
মাটিৰ নামজাৰি আৰু মাটি বেচা-কিনাৰ নামত ধৃত দালালকেইটাই ৰাইজক জ্বলাক’লা খুওৱাৰ অভিযোগ উঠিছে।