নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

May 26, 2021 0 By Biraj Kalita

মুখ্যমন্ত্ৰী হিচাপে আজি প্ৰথমবাৰৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাই দৰ্শন কৰে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত পুৰণিগুদাম ভেৰভেৰি নৰসিংহ ক্ষেত্ৰত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ মৃত্যুঞ্জ্যয় মন্দিৰ।

সন্ধিয়া প্ৰায় ৫.৩০ বজাত বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ মৃত্যুঞ্জ্যয় মন্দিৰত উপষ্ঠিত হয় মুখ্যমন্ত্ৰী শৰ্মা।

মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে পত্নী ৰিণিকি ভূঞা, বিধায়ক জয়ন্ত মল্ল বৰুৱা ,ৰূপক শৰ্মা,জিতু গোস্বামীয়ে।

পোন প্ৰথমে নগাঁও জিলাৰ উপায়ুক্ত ,আৰক্ষী অধীক্ষক সহ প্ৰতিটো বিভাগৰ বিষয়াৰ সৈতে বৈঠকত বহে মুখ্যমন্ত্ৰী গৰাকী।

বৃহস্পতিবাৰে কাজিৰঙা বান পৰিস্থিতিৰ ওপৰত তিনিখন জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আনহাতে সংবাদিকেৰে হোৱা বাৰ্তালাপত অতি শীঘ্ৰে এক লাখ নিবনুৱা নিযুক্তি প্ৰদান কৰিব বুলি কোৱাৰ লগতে সাংবাদিকৰ সমস্যা সমূহ সকলোৱে মিলি সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে আজি নিশাটো কাজিৰঙাতে কটাব মুখ্যমন্ত্ৰী শৰ্মাই।