নতুন সংগঠন খোলাৰ যো-জা, গ্ৰেপ্তাৰ দুই NLFB কেডাৰ…

April 6, 2022 0 By Biraj Kalita

দীৰ্ঘদিন ধৰি বড়োভূমিত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা দুই NLFB কেডাৰক মঙলবাৰে গ্ৰেপ্তাৰ কৰে বাক্সা আৰক্ষীয়ে।

ওদালগুৰিৰ ডেজিগনেটেত শিৱিৰৰ পৰা পলাই আহি নতুন সংগঠন খোলাৰ যো- জা চলাই থকাৰ অভিযোগত মুচলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োজনকে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা NLFB সদস্য দুজন ক্ৰমে চন্দন ৰামচিয়াৰী আৰু সমৰ ৰামচিয়াৰী৷

খবৰ অনুসৰি, দুয়োগৰাকী এন এল এফ বি কেডাৰে কিছুদিন পূৰ্বে আত্মসমৰ্পণ কৰি ওদালগুৰিস্থিত সংগঠনটোৰ ডেজিগনেটেড শিবিৰত আশ্ৰয় লৈ আছিল যদিও শেহতীয়াকৈ দুয়োগৰাকী সদস্যই সেই স্থানৰ পৰা ৰহস্যজনকভাৱে পলায়ন কৰিছিল।

আৰক্ষীয়ে দুয়োগৰাকী সদস্যই এক নতুন সংগঠন জন্ম দিয়াৰ বাবে চিন্তা চৰ্চা কৰাৰ খবৰ লাভ কৰাৰ পৰিপ্ৰেক্ষিততে মুছলপুৰ আৰক্ষী চকীত এটা গোচৰ ৰজু কৰি NLFB ৰ দুই সদস্যক নিজ বাসগৃহ ক্ৰমে নতুন শ্ৰীপুৰ আৰু দ্বাৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে মুছলপুৰ আৰক্ষী থানাৰ এক গোচৰমৰ্মে দুয়োগৰাকী সদস্যকে জিলা দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰাত আদালতে ইতিমধ্যে দুয়োজনকে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে।