নতুন ৰূপ পাব অসম আৰক্ষীয়ে, এমাহ ছুটী, দুটাকৈ ছিফ্ট, বছৰত পাব বিনামূলীয়া স্বাস্থ্য পৰীক্ষা…

June 9, 2021 0 By Biraj Kalita

নতুন ৰূপ পাব অসম আৰক্ষীয়ে।

ৰাজ্যৰ আৰক্ষী বাহিনীক নতুন আৰু সু সংগঠিত ৰূপত গঢ়ি তোলা হব আৰক্ষী বিভাগত ১০টা নতুন কামাণ্ডো বেটিলিয়ন গঠন, দুটা চিফৰ্টত আৰক্ষীক কৰ্তব্যত নিয়োগ আদি সংস্কাৰমুখী প্ৰদক্ষেপ গ্ৰহণ কৰিব অসম আৰক্ষীয়ে।

বুধবাৰে কাজিৰঙাৰ বৰগছ ৰিৰ্জটত অনুষ্ঠিত প্ৰথম ৰাজ্যিক আৰক্ষী অধীক্ষকৰ সন্মিলনত এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই।

উল্লেখযোগ্য যে, জিলা আৰক্ষী অধীক্ষকসকলৰ সৈতে আৰক্ষী সঞ্চালক প্ৰধানৰ এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকী মন্ত্ৰী উপস্থিত আছিল।

উচ্চ শিক্ষিত আৰু দক্ষ যুৱক-যুৱতীক আৰক্ষীত নিযুক্তি দিয়াৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰা হয়।

দিনজোৰাকৈ অনুষ্ঠিত হোৱা এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ সংস্কাৰৰ বাবে লোৱা কেইবাটাও পদক্ষেপৰ কথা ঘোষণা কৰিলে।

ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হৈছে- আৰক্ষীৰ বেটেলিয়ান সমূহত কৰ্মৰত জোৱান সকলৰ বাবে বছৰত এমাহ উপহাৰ মূলক ছুটী প্ৰদান।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকৰ অন্তত সংবাদমাধ্যমক সম্বোধন কৰি কয় যে বহু আৰক্ষী জোৱানে আৰ্ণ লীভ পাই যদিও অৱসৰৰ সময়ত সেই লীভ নল’লে ২-৩ লাখ টকা লাভ কৰাৰ বাবে ঘৰলৈ নোযোৱাকৈ থাকে। ইয়াৰ বাবে তেওঁলোকে পৰিয়ালৰ সৈতে কিছু সময় কটোৱাৰ অৱকাশ নাপায়। এই দিশত গুৰুত্ব দি ৰাজ্য চৰকাৰে প্ৰথম বাৰৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে।

ইফালে, অসম আৰক্ষীয়ে ১০হাজাৰ কামাণ্ডো বেটেলিয়ান নিযুক্তিৰে ১০টা কামাণ্ডো বেটেলিয়ান গঠন কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়াৰ পৰা থানাত দুটা ছিফ্টত আৰক্ষীয়ে কৰ্তব্য সম্পাদন কৰিব পাৰিব। প্ৰতিদিনাই এনে ব্যৱস্থাৰ জৰিয়তে আৰক্ষী সকলক মানসিক আৰু দিনজোৰা ব্যস্ততাৰ অৱসাদৰ অন্ত পেলাব বুলিও অনুমান কৰা হৈছে।

ৰাজ্য চৰকাৰে ঘোষণা কৰা ১ লাখ নিযুক্তিৰ ভিতৰতে আৰক্ষীৰ লোককো নিযুক্তি দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।

অহা ৬ মাহৰ ভিতৰত ৰাজ্য চৰকাৰে অসমত ৭টা কৈ ফৰেনছিক লেব’ৰেটৰী স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অচিৰেই আৰক্ষী বাহিনীক নতুনকৈ ১২হাজাৰ কামাণ্ডো আৰু ২৩হাজাৰ আৰক্ষী কনিষ্ঠবল নিযুক্তি দিয়া হ’ব বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

বৈঠকৰ আন এক গুৰুত্বপূৰ্ণ দিশ হ’ল অসম আৰক্ষীৰ মানসিক স্বাস্থ্য। আৰক্ষীত কৰ্তব্যৰত প্ৰতিজন লোক যাতে সুস্থ আৰু সবল হয় তাৰ প্ৰতি লক্ষ্য ৰাখি বছৰত এবাৰকৈ এতিয়াৰ পৰা আৰক্ষী জোৱানসকলৰ বাধ্যতামূলক স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হ’ব।

অসম আৰক্ষীত আছে ৮০ হাজাৰৰো অধিক বিষয়া-জোৱান। এই আৰক্ষী জোৱান-বিষয়াসকলৰ স্বাস্থ্য পৰীক্ষা কিদৰে সম্পন্ন কৰা হয় সেই সন্দৰ্ভতো অচিৰেই এক মডেলিটী তৈয়াৰ কৰিব ৰাজ্য চৰকাৰে।

মুখ্যমন্ত্ৰীয়ে সদৰী কৰা মতে, ৬ মাহৰ মূৰে মূৰে আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্ত সকলৰ সৈতে এনেধৰণৰ বৈঠক অনুষ্ঠিত হৈ থাকিব।

সেই অনুসৰি পৰৱৰ্তী আৰক্ষী অধীক্ষকসকলৰ বৈঠক নবেম্বৰত দুলীয়াজানত অনুষ্ঠিত হ’ব।