নদীত গা ধুবলৈ গৈ কিশােৰৰ সলিল সমাধি

September 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। নদীত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী কিশােৰৰ।

ধেমাজীৰ জিলাৰ চিচিবৰগাঁৱৰ চিমেন নদীত গা ধুবলৈ গৈ কৰুণ মৃত্যুক আঁকােৱালি ল’লে ছাত্ৰজনে।

জানিব পৰা মতে, মঙলবাৰে দুপৰীয়া পাঁচগৰাকী লগৰীয়াৰ লগত দীপা ন’নাৰী গাঁৱৰ নাৰায়ণ ৰায়ৰ পুত্ৰ কৰণ ৰায়ে চিমেন নদীত গা ধুবলৈ গৈ নদীৰ সোঁতত উটি যায়।

ঘটনাৰ খবৰ লাভ কৰি এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই যদিও ব্যৰ্থ হয়।

অৱশেষত বুধবাৰে উক্ত ঘটনাস্থলীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত নামনিত নদীৰ দাঁতিত উদ্ধাৰ কৰা হয় কৰণ ৰায় নামৰ কিশোৰজনৰ মৃতদেহ।

চিমেন চাপৰি মহাবিদ্যালয়ত কিছুদিন পূৰ্বে একাদশ শ্ৰেণীত নামভৰ্তি কৰিছিল ছাত্ৰজনে।

উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ শোকৰ ছাঁ পৰিছে।