নদীত জীৱন্তে উটি অহা অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা

August 8, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শিৱসাগৰত দিখৌ নদীত উটি অহা অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা।

হাতীখোঁক অঞ্চলত দিখৌ নদীৰ বাঢ়নী পানীত উটি অহা অৱস্থাত এগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰে স্থানীয় ৰাইজে।

জীৱিত অৱস্থাত থকা মহিলাগৰাকীক চিকিৎসাৰ বাবে ১০৮লৈ বাৰে বাৰে খবৰ কৰাৰ পিছতো আহি নোপোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে।

আনহাতে, ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক বহু পলমকৈ উপস্থিত হয় যদিও সাংবাদিক আৰু স্থানীয় ৰাইজৰ সহযোগত ব্যক্তিগত এম্বুলেঞ্চৰ দ্বাৰাই মহিলাগৰাকীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।

বৰ্তমানলৈকে মহিলাগৰাকীৰ সঠিক পৰিচয় জানিব পৰা হোৱা নাই।