নলবাৰীত এদিনীয়া ৰাস, মহোৎসৱ বাতিলৰ সিদ্ধান্ত
October 28, 2021নিউজ ডেস্ক। ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰসিদ্ধ নলবাৰীৰ শ্ৰীশ্ৰীহৰি মন্দিৰৰ পৱিত্ৰ ৰাস মহোৎসৱ এইবাৰ বাতিল কৰা হৈছে।
হৰিমন্দিৰ পৰিচালনা সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
পৰিচালনা সমিতিয়ে লােৱা সিদ্ধান্ত অনুসৰি, এইবাৰ ৰাস মহোৎসৱৰ পৰিৱৰ্তে ৰাস পূৰ্ণিমাৰ দিনা অনুষ্টুপীয়াকৈ মাংগলিক অনুষ্ঠানেৰে ৰাস পূৰ্ণিমাৰ পূজা সম্পন্ন কৰা হ’ব।
এই সন্দৰ্ভত হৰিমন্দিৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকাই কয় যে ৰাজ্য চৰকাৰে সদায় নতুন নতুন বাধা-নিষেধ আৰোপ কৰি থকাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ গন্তব্য নাই। তেওঁ লগতে কয় যে ৰাস মহোৎসৱ উদ্বোধন হোৱাৰ মুহূৰ্তলৈ মন্দিৰ পৰিচালনা সমিতিয়ে অতি কমেও ২০ লাখ টকা খৰচ কৰিব লগা হয়।
ইমানখিনি ধন খৰচ কৰাৰ পাছত চৰকাৰে আগদিনা নতুন নীতি-নিৰ্দেশনাৰে বাধা আৰোপ কৰিলে সমিতি স্বাভাৱিকতে বিপদত পৰিব।
এনে কাৰণতে এইবাৰ নলবাৰী ৰাস মহোৎসৱ বাতিল কৰিবলৈ সমিতি বাধ্য হোৱা বুলি ডেকাই জানিবলৈ দিছে।