নাটকীয়ভাৱে অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে ১৩খনকৈ চুৰি বাইক, এজনক গ্ৰেপ্তাৰ…

July 25, 2021 0 By Biraj Kalita

বাইক চুৰি চক্ৰৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে নাটকীয়ভাৱে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ১৩খনকৈ চুৰি বাইক।

জানিব পৰা মতে বিশেষ সূত্ৰে ওৰাং থানাৰ অন্তৰ্গত অঞ্চলত ভিন্ন স্থানত চুৰি মটৰ চাইকেল বেহা অব্যাহত থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে।

তেনে খবৰৰ ভিত্তিত আৰক্ষীয়ে এজন লোকৰ হতুৱাই সন্দেহজনক মটৰ চাইকেল চোৰৰ পৰা মটৰ চাইকেল ক্ৰয়ৰ নাটক ৰচিছিল।

ফলত চুৰি মটৰ চাইকেল বিক্ৰী কৰিবলৈ আহি থকা অৱস্থাত ওৰাং আৰক্ষীয়ে এজন চোৰক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোকজন মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নমাটি খা গাঁৱৰ মনোজ গুৰুং ওৰফে বাবলু।

ঘটনা সন্দৰ্ভত ওৰাং থানাত ভাৰতীয় দণ্ড বিধিৰ ৩৭৯ আৰু ৪১১ নম্বৰ ধাৰাৰ অধীনত ১০০/২১ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে।

উক্ত গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ হোৱা লোকজনক চলোৱা জেৰাৰ অন্তত তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তত অভিযান চলাই ১৩ খনকৈ চুৰি মটৰ চাইকেল উদ্ধাৰ কৰে।

উল্লেখ্য যে ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ বৃদ্ধি পাইছে মটৰ চাইকেল চুৰি চক্ৰ। বিভিন্ন সময়ত চুৰি হোৱা মটৰ চাইকেলসমূহ নিশাটোৰ ভিতৰতে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰাৰ লগতে ৰাজ্যৰ বাহিৰতো এই চক্ৰটোৱে বিক্ৰী কৰে।

বিগত কিছুদিন পূৰ্বেও জিলাখনৰ ৰৌতা আৰক্ষীয়ে ২০ খনৰো অধিক চুৰি মটৰ চাইকেল উদ্ধাৰৰ লগতে এজন চোৰক গ্ৰেপ্তাৰ কৰিছিল।