নাট্যপ্ৰেমী ৰাইজলৈ দুঃখবৰ! জীৱন নাট সামৰিলে যশস্বী নাট্যকাৰ সেৱাব্ৰত বৰুৱাই…
January 24, 2021নাট্যপ্ৰেমী ৰাইজলৈ দুঃখবৰ!
জীৱন নাট সামৰিলে যশস্বী নাট্যকাৰ সেৱাব্ৰত বৰুৱাই।
দেওবাৰে পুৱা প্ৰায় ৫.৫০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় বৰুৱাৰ।
প্ৰসিদ্ধ নাট্যকাৰ তথা ২০১৯ চনৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা লাভ কৰা সেৱাব্ৰত বৰুৱা ওৰফে ‘মিলু’ দা বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।
দখল, চৰকাৰ-চকীদাৰ আৰু চোৰ, ৰং কিনিব কোনে, লটকনৰ লটিঘটি, অবুজ দৰা-অচিন কইনা ইত্যাদি বহুকেইখন জনপ্ৰিয় নাটক ৰচনা কৰি সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল বৰুৱাই।
যশস্বী নাট্যকাৰগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।