নামঘৰত জঘন্য ধৰ্ষণ কাণ্ডঃ ৭০ বছৰীয়া বৃদ্ধাৰ কামনাৰ বলি ১১ বছৰীয়া কিশোৰী…
July 19, 2021এক সভ্য সমাজক লজ্জানত কৰা ঘটনা।
এইবাৰ পবিত্ৰ নামঘৰতেই সংঘটিত হ’ল জঘন্য ধৰ্ষণ কাণ্ড।
এগৰাকী ৭০ বছৰীয়া বৃদ্ধাৰ কামনাৰ বলি হ’ল ১১ বছৰীয়া কিশোৰী।
লখিমপুৰৰ নাওবৈছাৰ গেন্ধালীত সংঘটিত হৈছে এই জঘন্য ঘটনা।
নামঘৰীয়া জনৰ নাম কোষেশ্বৰ দত্ত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে সন্ধিয়া নামঘৰলৈ কিশোৰী গৰাকীক ফুচুলাই নি বলপূৰ্বক ধৰ্ষণ কৰে আৰু তাৰ পিছতেই স্থানীয় লোকে অসংযত অৱস্থাত দুয়োকে উদ্ধাৰ কৰে।
ইয়াৰ পূৰ্বেও কেইবাবাৰো কিশোৰী গৰাকীক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে বৃদ্ধ গৰাকীৰ বিৰুদ্ধে।
কিশোৰী গৰাকীৰ মাতৃৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে পাষণ্ড কোষেশ্বৰক।