নামনিমুৱা ছেকেন্দ্রাবাদ এক্সপ্রেছৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা…

March 27, 2022 0 By Biraj Kalita

নামনিমুৱা ছেকেন্দ্রাবাদ এক্সপ্রেছৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা।

নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ চৰকাৰী ৰে’লৱে আৰক্ষীয়ে নামনিমুৱা ছেকেন্দ্রাবাদ স্পেচিয়েল এক্সপ্রেছৰ শৌচাগাৰৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, ৰে’লৱে আৰক্ষীয়ে ত্ৰিপুৰাৰ আগৰতলা ৰে’লৱে ষ্টেচনৰ পৰা নিউ বঙাইগাঁও জংচনৰ দিশত আহি থকা ০৭০২৯ নম্বৰৰ নামনিমুৱা ছেকেন্দ্রাবাদ স্পেচিয়েল এক্সপ্রেছৰ এছ-৯ এ নম্বৰৰ ডবাত চোৰাং ব্যৱসায়ীয়ে গাঞ্জা সৰবৰাহৰ সংবাদ লাভ কৰে৷

তাৰ পাছতে নিউ বঙাইগাঁও চৰকাৰী ৰে’লৱে আৰক্ষীৰ এটি দলে নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হয় আৰু ছেকেন্দ্রাবাদ স্পেচিয়েল এক্সপ্রেছত উঠি তালাচী অব্যাহত ৰাখে।

চলন্ত ৰে’লৱেত তালাচী অব্যাহত ৰখাৰ সময়তে ৰে’লখনৰ এছ–৯ নম্বৰৰ ডবাটোৰ শৌচাগাৰত গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰকৃত গাঞ্জাখিনিৰ ওজন প্রায় ৩৫/৪০ কিলোগ্ৰাম হ’ব।