নামনি আৰু মধ্য অসমত মুছলমানসকল সংখ্যালঘু নহয়ঃ মৃণাল শইকীয়া

July 19, 2021 0 By Biraj Kalita

অসম বিধানসভাৰ অধিৱেশনৰ ষষ্ঠটো দিনত সদনত বিস্ফোৰক মন্তব্য খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ।

মৃণাল শইকীয়াৰ দাবী- উজনিৰ মুছলমানেহে পাব লাগে সংখ্যালঘু আঁচনিৰ ধন।

ধুবুৰী, দক্ষিণ শালমৰাৰ উদাহৰণ দি বিধায়ক গৰাকীয়ে কয়- নামনি আৰু মধ্য অসমত মুছলমানসকল সংখ্যালঘু নহয়।

ধুবুৰীত মুছলমানৰ সংখ্যা ৭৯.৬৭, দক্ষিণ শালমৰাত ৯৫.০২।

য’ত ৭৯.৬৭ জনসংখ্যা আছে তাত তেওঁলোক কেনেকৈ সংখ্যালঘু হ’ব বুলি প্ৰশ্ন বিধায়কগৰাকীৰ।

সেয়েহে উজনিৰ মুছলমানসকলেহে পাব লাগে সংখ্যালঘু আঁচনিৰ সুবিধাসমূহ বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে।

সংখ্যালঘু মানেই মুছলমান এই ধাৰণা সমাজৰ পৰা, ৰাজ্যৰ পৰা নোহোৱা কৰিব লাগিব বুলিও মন্তব্য মৃণাল শইকীয়াৰ।