‘নাহৰ’, ‘বাৰিষাৰে বানত’ আদি গীতৰ স্রষ্টা তথা জনপ্রিয় গীতিকাৰ-সুৰকাৰ চন্দন কাকতি আৰু নাই…

May 4, 2021 0 By Biraj Kalita

ৰাজ্যবাসীৰ বাবে এক দুখবৰ।

জনপ্রিয় গীতিকাৰ-সুৰকাৰ চন্দন কাকতি আৰু নাই।

দীর্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ থকা কাকতিৰ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত মঙলবাৰে পুৱা প্রায় ৪.৩৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে৷

‘অ’ চেনিমাই’, ‘বাৰিষাৰে বানত’, ‘বা ৰিবৰিব মলয়া’, ‘দুচকুৱে হাঁহে’ আদি চন্দন কাকতিৰ অত্যন্ত জনপ্রিয় গীত৷

তদুপৰি শ্রোতাৰ মাজত অত্যন্ত জনপ্রিয় ‘নাহৰ’ শীর্ষক বিহুগীত ৰচনা কৰিছিল চন্দন কাকতিয়ে৷

কাকতিয়ে ৰচনা কৰা গীতত বাবু, জুবিন গার্গ, পাৰবিন পৰীকে ধৰি বহুসংখ্যক জনপ্রিয় কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছিল।

২০১৮–১৯ বর্ষত ‘বাৰিষাৰ বানত’ শীর্ষক গীতৰ বাবে অসম সংগীত মহোৎসৱে চন্দন কাকতিক সন্মানিত কৰিছিল৷

উল্লেখ্য যে গুৱাহাটীৰ আজাৰা থানাৰ অন্তর্গত মাজিৰগাঁৱত তেওঁ জন্মলাভ কৰিছিল৷ ১৯৭৭ চনৰ ২৭ জুলাইত জন্মলাভ কৰা চন্দন কাকতিয়ে পলাশবাৰী আঞ্চলিক হাইস্কুলত স্কুলীয়া শিক্ষা গ্রহণ কৰিছিল৷

তেওঁৰ মৃত্যুত দক্ষিণ কামৰূপ অঞ্চলৰ লগতে ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰিছে৷